অসমীয়া ৱিকিগ্ৰন্থ কি? Edit
অসমীয়া ৱিকিগ্ৰন্থ non-profit ৱিকিমিডিয়া ফাউণ্ডেচনৰ ৱিকিবুক্সৰ অসমীয়া সংস্কৰণ। ৱিকিগ্ৰন্থৰ উদ্দেশ্য সকলোকে বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰা, যাক সকলোৱে সম্পাদনা কৰিব পাৰে।
অসমীয়া ৱিকিগ্ৰন্থত কোনে সম্পাদনা কৰে? Edit
অসমীয়া ৱিকিগ্ৰন্থত সাধাৰণ লোকে স্বেচ্ছামূলকভাৱে সম্পাদনা কৰে।
সম্পাদনা কেনেকৈ কৰিব? Edit
আপুনি কোনো পৃষ্ঠাত ত্ৰুতি দেখিছে নেকি? আপুনি কোনো পৃষ্ঠাত অধিক তথ্য যোগ কৰিব বিচাৰে নেকি? তেনে কৰিবলৈ পৃষ্ঠাটোৰ ওপৰ ফালে, অলপ সোঁফালে 'সম্পাদনা' লিখা দেখিব। তাত টিপিব। তাৰ পিছত এখন পৃষ্ঠা ওলাব, য'ত ওলাব ৱিকিগ্ৰন্থৰ টেক্সট এডিটৰ, বা লিখাৰ উপকৰণ। তাত লিখিবলৈ কিছু বিশেষ কথা জনাৰ প্ৰয়োজন....
সাধাৰণ টেক্সট লিখা Edit
সাধাৰণ টেক্সট লিখিবলৈ কোনো বিশেষ জ্ঞানৰ প্ৰয়োজন নাই! অসমীয়া লিখাৰ কোনো উপকৰণ ব্যৱহাৰ কৰি (অসমীয়া লিখাৰ সজুলীৰ ক্ষেত্ৰত সহায়ৰ বাবে ইয়াত টিপক) সাধাৰণভাবে লিখি গ'লেই হ'ব।
উদাহৰণ স্বৰূপে পাঠ্যত ধৰি লওক লিখা আছে--
এই পাঠ্যত আপুনি এই বাক্যশাৰী যোগ কৰিব বিচাৰে-- 'গিটাৰ টিউন কৰিবলৈ টিউনাৰো ব্যৱহাৰ কৰিব পাৰি'। তেনে কৰিবলৈ টেক্সট এডিটৰত বাক্যশাৰী টাইপ কৰক, য'ত আপুনি সেই বাক্য যোগ কৰিব বিচাৰে। উদাহৰণ স্বৰূপে, ....পঞ্চম ফ্ৰেটৰ লগত মিলাব লাগে।ৰ পিছত লিখিলে ফলাফলত তাতেই ওলাব।
নতুন ভাগ (চেক্সন) কেনেকৈ যোগ কৰিব? Edit
নতুন ভাগ যোগ কৰিবলৈ == লিখি ভাগটোৰ শিৰোনাম লিখি পুনৰ == লিখিব লাগে। উদাহৰণ স্বৰূপে যদি আপুনি 'চি কৰ্ড' নামৰ ভাগটো সৃষ্টি কৰিব বিচাৰে, ==চি কৰ্ড== লিখিব। ফলাফলত ওলাব--
টেক্সট শকত (ব'ল্ড), হেলনীয়া (ইটালিক্স) কেনেকৈ কৰে? আৰু টেক্সটৰ তলত ৰেখা (আণ্ডাৰ্লাইন) কেনেকৈ যোগ কৰে? Edit
যি টেক্সট শকত কৰিব বিচাৰে, সেই টেক্সটৰ আগে পিছে তিনিডাল ' (''') লিখিব লাগে। উদাহৰণ স্বৰূপে,'''নমস্কাৰ''' লিখিলে নমস্কাৰ ওলাব। যি টেক্সট হেলনীয়া কৰিব লাগে, সেই টেক্সটৰ আগে পিছে দুডাল ' ('') লিখিব লাগে। উদাহৰণ স্বৰূপে''নমস্কাৰ'' লিখিলে নমস্কাৰ ওলাব। যি টেক্সটত আণ্ডাৰলাইন যোগ কৰিব লাগে, সেই টেক্সটৰ আগত <u> আৰু পিছত </u> লিখিব। উদাহৰণ স্বৰূপে <u>নমস্কাৰ</u> লিখিলে নমস্কাৰ ওলাব।
উপ-ভাগ আৰু তাৰো উপ-ভাগ যোগ কৰা Edit
পূৰ্বেই কোৱাৰ দৰে, ভাগৰ শিৰোনামৰ আগে পিছে == যোগ কৰিব লাগে। তেনেদৰেই উপ-ভাগৰ আগে পিছে === আৰু উপ-ভাগৰো উপ-ভাগৰ বাবে আগে পিছে ==== লিখিব লাগে। প্ৰতিবাৰেই এটা = বঢ়াই যাব লাগে।
==ব্যঞ্জনবৰ্ণ==
===ক-ফলা===
====ক উচ্চাৰণ কৰা==== লিখিলে ফলাফল হ'ব----
ব্যঞ্জনবৰ্ণ Edit
ক-ফলা Edit
টেবল যোগ কৰা Edit
টেবল যোগ কৰিবলৈ লিখক {| class="wikitable"। '|' লিখিলে এটা পঠালি শাৰী (row) যোগ হয়। সেই শাৰীতেই || লিখি ঠিয় শাৰী (column) যোগ কৰিব পাৰি। প্ৰতিটো পঠালি শাৰীৰ ওপৰৰ আৰু তলৰ শাৰীত |- লিখিব লাগিব।
{| class="wikitable"
|-
| স্বৰবৰ্ণ || শব্দ || ক-ৰ লগত কাৰ যোগ কৰি
|-
| আ || আম || কা
|-
| ই || ইমান || কি
|} লিখিলে ওলাব----
স্বৰবৰ্ণ | শব্দ | ক-ৰ লগত কাৰ যোগ কৰি |
আ | আম | কা |
ই | ইমান | কি |
টান পাইছে নেকি? বিকল্প আছে! ৱিকি টেক্সট এডিটৰৰ ওপৰ ফালে থকা 'উচ্চতৰ' টিপিব, তাৰ পিছত তাৰ তলৰ শাৰীৰ একেবাৰে সোঁফালে থকা আইকন টিপিব। এটা বাকচ ওলাব। বাকচত ঠিয় আৰু পঠালি শাৰীৰ সংখ্যা নিৰ্ধাৰিত কৰিব আৰু শিৰোনামৰ শাৰী আৰু সীমান্ত লাগে নে নাই নিশ্চিত কৰক। 'যোগ কৰক টিপক'। 'উদাহৰণ' লিখা অংশ কাটি নিজৰ মতে টেক্সট লিখক।
উদাহৰণ স্বৰূপে , ২টা ঠিয় শাৰী আৰু তিনিটা পঠালি শাৰী থকা টেবল যোগ কৰিবলৈ ল'লে,
{| class="wikitable"
|-
! শিৰোনামৰ আখৰ !! শিৰোনামৰ আখৰ
|-
| উদাহৰণ || উদাহৰণ
|-
| উদাহৰণ || উদাহৰণ
|-
| উদাহৰণ || উদাহৰণ
|}
শিৰোনামৰ আখৰ আৰু উদাহৰণ কাটি মন পচন্দৰ টেক্সট লিখিলে....
{| class="wikitable"
|-
! ব্যঞ্জনবৰ্ণ !! শব্দ
|-
| ক || কমলা
|-
| খ || খৰম
|-
| গ || গৰু
|}
ওলাব
ব্যঞ্জনবৰ্ণ | শব্দ |
---|---|
ক | কমলা |
খ | খৰম |
গ | গৰু |
ছবি যোগ কৰা Edit
গ্ৰন্থত যদি কেৱল টেক্সট থাকে, পঢ়ি ভাল লাগিব নে? ছবি থাকিলে, বুজিবলৈ সহায় নহ'ব নে?? ছবি যোগ কৰা অতি সহজ!
ছবি যোগ কৰোতে এই কথা মনত ৰাখিব লাগিব যে, ছবিখনৰ কপিৰাইট থাকিব নালাগে। কপিৰাইট আইন ভংগ কৰা সকলো বস্তু মচি দিয়া যাব। ৱিকিগ্ৰন্থত ৱিকিমিডিয়া কমন্সত উপলব্ধ যিকোনো ছবি যোগ কৰিব পাৰি। তেনে কৰিবলৈ [[চিত্ৰ: বা [[File: বুলি লিখি ছবিখনৰ নাম লিখি শেষত ]] লিখিব লাগিব। উদাহৰণ স্বৰূপে পেঁপা বজাই থকা এই ব্যক্তিজনৰ ছবিখনৰ নাম Bihu dancer with a horn.jpg , এই ছবিখন যোগ কৰিবলৈ [[File:Bihu dancer with a horn.jpg]] বা [[চিত্ৰ:Bihu dancer with a horn.jpg]] লিখিব, ফলাফল হ'ব----
অন্য পদ্ধতিও আছে। ৱিকি টেক্সট এডিটৰৰ ওপৰ ফালৰ বাঁও ফালৰ পৰা পঞ্চম আইকনটো টিপিব। এটি বাকচ ওলাব। ফাইলৰ নাম: লিখ শাৰীৰ তলৰ বাকচত চিত্ৰখনৰ নাম লিখিব। পাতনি লিখা শাৰীৰ তলৰ বাকচত চিত্ৰখনৰ বিষয়ে অলপ লিখিব, সেই ঠাইত যিয়ে লিখিব, ফটোখনৰ তলত সেয়ে ওলাব। তাৰ পিছত সুমুৱাওক টিপিব। পূৰ্বৰ ছবিখনৰ উদাহৰণেই লও। আইকনটো টিপিব, ফাইলৰ নাম: শাৰীৰ তলৰ বাকচত
লিখিব, পাতনিত লিখিব পেঁপা বজাই থকা এজন ব্যক্তি। ফলাফল হ'ব----
আপুনি নিশ্চয় লক্ষ কৰিছে যে ছবিৰ আকাৰ সৰু আৰু ছবিখন সোঁফালে আছে। পুনৰ আইকনটো টিপক, আপুনি বিন্যাস: বুলি লিখা দেখিব। তাৰ তলত এখন ড্ৰপ ডাউন মেন্যু আছে। তাতেই টিপিব। তালিকাত আছে----
thumbnail
framed
frameless
একো নাই
ছবিখন সৰুকৈ সোঁফালে ওলালে thumbnail হৈ থকাৰ বাবে। frameless চয়ন কৰিলে ওলাব
framed চয়ন কৰিলে ওলাব----(তলত, সোঁফালে)
একো নাই চয়ন কৰিলে একেবাৰে আগৰ ছবিখনৰ দৰে ওলাব (আইকন ব্যৱহাৰ কৰিবলৈ শিকাৰ আগৰ)।
আইকনটো টিপিলে ওলোৱা বাকচটো পুনৰ এবাৰ চাওক, তাত সংৰেখিত কৰক বুলি লিখা দেখিব। তাৰ তলৰ ড্ৰপ ডাউন তালিকাকন টিপক। তালিকাখনত আছে----
(default)
none
center
left
right
default, none আৰু left টিপিলে ছবিখন বাঁওফালে ওলাব। right টিপিলে সোঁফালে ওলাব। center টিপিলে মাজত ওলাব।
ছবিৰ আকাৰ Edit
কেতিয়াবা ছবিখন ডাঙৰকৈ লাগিব পাৰে, আৰু কেতিয়াবা সৰুকৈ। ছবিখনৰ আকাৰ নিৰ্ধাৰিত কৰিবলৈ ছবিখনৰ নাম ইত্যাদিৰ সোঁফালে | (bar) লিখি আকাৰ অনুযায়ী সংখ্যা লিখি px লিখিব।
উদাহৰণ স্বৰূপে, সূৰ্যৰ এই ছবিখনৰ নাম The Sun in extreme ultraviolet.jpg , এই ছবিখনক বিভিন্ন আকাৰ দিব পাৰি।
ক'ড | ছবি |
---|---|
ফাইল আপল'ড কৰা Edit
সকলো দৰকাৰী ছবি কমন্সত উপলব্ধ নে? কেতিয়াবা নিজে ফাইল আপল'ড কৰাৰ প্ৰয়োজন হ'ব পাৰে। পিছে যিহেতু অসমীয়া ৱিকিগ্ৰন্থ ইনক্যুবেটাৰত আছে (পৰীক্ষামূলক ৱিকিৰ ৰূপত আছে), এই ৱিকিত ফাইল আপল'ড কৰা সম্ভৱ নহয়। অন্য উপায় আছে!! পিছে মনত ৰাখিব!----
- ছবিখনৰ কপিৰাইট থাকিব নালাগিব---- সাধাৰণতে আন্তৰ্জালত (ইন্টাৰনেটত) পোৱা প্ৰায় সকলো ছবিৰেই কপিৰাইট আছে। তেনে ছবি আপল'ড কৰাৰ অনুমতি নাই।
- ফাইল আপল'ড কৰিব যদিহে ছবিখনৰ কপিৰাইট নাই, বা যদি ছবিখনৰ অনুজ্ঞাপত্ৰই (লাইচেঞ্চে) ছবিখন ১) ব্যৱহাৰ আৰু পৰিবেশন কৰাৰ অধিকাৰ ২) ফাইলটো অধ্যয়ন কৰি তথ্য ব্যৱহাৰ কৰাৰ অধিকাৰ ৩) নকল কৰি বিতৰণ কৰাৰ অধিকাৰ আৰু ৪) সাল-সলনি কৰি, শেষত সৃষ্ট ফাইল বিতৰণ কৰাৰ অধিকাৰ প্ৰদান কৰে।
- যদি আপুনি ছবিখন সৃষ্টি কৰিছিলে, আপুনি ওপৰৰ চাৰিটা অধিকাৰ, অৰ্থাৎ ছবিখন ১) ব্যৱহাৰ আৰু পৰিবেশন কৰাৰ অধিকাৰ ২) ফাইলটো অধ্যয়ন কৰি তথ্য ব্যৱহাৰ কৰাৰ অধিকাৰ ৩) নকল কৰি বিতৰণ কৰাৰ অধিকাৰ আৰু ৪) সাল-সলনি কৰি, শেষত সৃষ্ট ফাইল বিতৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিবলৈ সাজু।
এই ৱিকিত ফাইল ব্যৱহাৰ কৰিবলৈ আপল'ড কৰিবলৈ ইয়াত টিপক।
Commons:Upload পৃষ্ঠাখন ওলাব।
প্ৰশ্ন কৰা হ'ব-- Where is the work from (কামটো ক'ৰ?)
যদি ছবিখন আপুনি সৃষ্টি কৰা নাই Edit
যদি ছবিখন আপুনি সৃষ্টি কৰা নাই, তেন্তে কেইবাটাও লিংক উপলব্ধ----
- It is from somewhere else (ই আন ক'ৰবাৰ পৰা)
- It is someone else's work from Flickr (ই ফ্লিকাৰৰ পৰা আন কাৰোবাৰ কাম)
- It is from another Wikimedia project (Wikipedia, Wikibooks, Wikinews etc.) (ই অন্য ৱিকিমিডিয়া প্ৰকল্পৰ পৰা (ৱিকিপিডিয়া, ৱিকিগ্ৰন্থ, ৱিকিসংবাদ আদি))
- It is from a US federal government source (ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেদাৰেল চৰকাৰ উৎসৰ পৰা)
- It is a free software screenshot (ই মুক্ত চফ্টৱেৰৰ স্ক্ৰীনশ্বট)
- It is a non-free fair use image (Non-free logo, cover, screenshot, artwork etc.) (ই এক অ-মুক্ত সঠিক ব্যৱহাৰ চিত্ৰ (অ-মুক্ত ল'গ', কভাৰ, স্ক্ৰীনশ্বট, শিল্পকৰ্ম আদি)
- I don't know who the author is, or I don't know what license applies (মই সৃষ্টিকৰ্তা কোন নাজানো, বা মই কি অনুজ্ঞাপত্ৰ ব্যৱহৃত নাজানো)
প্ৰথম লিংটোত গ'লে,
ছবিখন চয়ন কৰিব লাগিব
ছবিখনৰ নাম প্ৰদান কৰিব লাগিব
সৃষ্টিকৰ্তাৰ নাম প্ৰদান কৰিব লাগিব
কামৰ তাৰিখ