Wb/as/ষ্ট'ন-পে'পাৰ-চিজাৰৰ নিয়ম/ওপৰা ওপৰিকৈ

ষ্ট'ন পে'পাৰ চিজাৰ খেলত মুখ্য ভূমিকা ভাগ্যৰ। এই খেল হাতৰ আঙুলিৰে ইংগিত দি খেলা হয়।

এই খেলত মুঠ তিনি প্ৰকাৰৰ ইংগিত আছে-- ষ্ট'ন, পে'পাৰ আৰু চিজাৰ

ষ্ট'ন, পে'পাৰ আৰু চিজাৰ।

এই খেল কেইজন খেলুৱৈয়ে খেলিব পাৰিব edit

এই খেল সাধাৰণতে দুজন খেলুৱৈয়ে খেলে। কেতিয়াবা, বিশেষ পৰিস্থীত দুজনতকৈ অধিক খেলুৱৈয়েও খেলিব পাৰে।

কোনজন খেলুৱৈয়ে প্ৰথমে খেলিব ? edit

ষ্ট'ন পে'পাৰ চিজাৰ খেলোতে সকলো খেলুৱৈৰ পাল একেলগতে আহে। আটাইকেইজন খেলুৱৈয়ে একেলগে দুবাৰকৈ হাতখন জোকাৰি তৃতীয়বাৰত হাত আগবঢ়াই ষ্ট'ন, পে'পাৰ বা চিজাৰৰ ইংগিত দিব লাগে। আটাইকেইজন খেলুৱৈয়ে একে সময়তে ইংগিত দিব লাগিব, নহ'লে খেলৰ নিয়ম ভংগ হোৱাৰ বাবে খেল পুনৰ আৰম্ভ কৰিব লাগিব।

কিয় ? edit

ষ্ট'ন পে'পাৰ চিজাৰত একে সময়তে ওলোৱা দুটি ইংগিতৰ অধিক শক্তিশালীটোৱে কম শক্তিশালীটোক পৰাজিত কৰিব, আৰু অধিক শক্িশালী ইংগিত ওলোৱা খেলুৱৈ জিকিব। বেলেগ বেলেগ সময়ত ইংগিত দিলে, পিছত ইংগিত দিয়া খেলুৱৈজনে আগত ইংগিত দিয়া খেলুৱৈজনক হৰুৱাবলৈ কি ইংগিত দিব লাগিব, সেই কথা জানি যাব। সেয়ে সকলোৱে একেই সময়ত ইংগিত দিয়াৰ নিয়ম।

ইংগিত edit

ইংগিতকেইটাৰ গঠন আৰু শক্তিৰ বিষয়ে পিছৰ আধ্যায়ত দিয়া হ'ল।