Wb/as/বিশেষ আপেক্ষিকতাবাদৰ পৰিচয় (ৱিকিঅনুজ)/সময় আপেক্ষিক

বাওফালে আমি দেখিছো পোহৰ ভেকুৱামৰ মাজেদি আইনা Aৰপৰা Bলৈ গৈছে। যদি আমি দুয়োখন আইনাৰ দূৰত্ব 'ক' বুলি লও, অৰ্থাত্‌ পোহৰে ক যাওতে আৰু ক উভতোতে অতিক্ৰম কৰি ২ক অতিক্ৰম কৰিলে আৰু যদি ধৰো যে পোহৰে এখন আইনাৰ পৰা আনখনলৈ যাবলৈ আৰু উভতি আহিবলৈ 'খ' সময় ল'লে, তেন্তে পোহৰৰ বেগ ইয়াত হ'ব ২ক/খ।

পিচে, যদি আমি সোফালৰপৰা বাওফাললৈ গৈ থাকোতে এই সমগ্ৰ ঘটনা চাও, তেন্তে আমি দেখিম যে পোহৰে এখন আইনাৰ পৰা আনখনলৈ যাওতে 'ক'তকৈ অধিক দূৰত্ব অতিক্ৰম কৰিছে, কাৰণ আমি দেখিম যে পোহৰ চিধাকৈ যোৱাৰ ঠাইত হেলনীয়াকৈ গৈছে। যিহেতু পোহৰে অধিক দূৰত্ব অতিক্ৰম কৰিলে, আমি ভাবিম যে পোহৰে ২ক/খতকৈ অধিক বেগত যাত্ৰা কৰিলে।

পিচে, এনে হ'লে আমি আগতে পঢ়ি অহা পাঠটো ভুল! কাৰণ আমি দেখিছো যে পোহৰে ভকুৱামত দুটা বেগত যাত্ৰা কৰিছে! এনে হ'ব নোৱাৰে।

সেয়ে, আমাৰ বাবে এই কথা ধৰি লোৱাটোৱেই সৰল হ'ব, যে যিহেতু দূৰত্ব অধিক অতিক্ৰম কৰা হৈছে, আৰু বেগ একেই, তেন্তে ই সময়ো অধিক লৈছে।

অৰ্থাত্‌, চলমান বস্তুৰ বাবে সময় লাহেকৈ চলে।

<<পোহৰৰ বেগ ------- দৈৰ্ঘ্য আপেক্ষিক>>