Wb/as/বিশেষ আপেক্ষিকতাবাদৰ পৰিচয় (ৱিকিঅনুজ)/পোহৰৰ বেগ

বিশেষ দলৈ নোযোৱাকৈ, এই কথা মনত ৰাখো যে পোহৰৰ বেগ খালী ঠাইত (ভেকুৱামত) সলনি নহায়। ই সদা একেই বেগত আগবাঢ়ে-- সঠিকভাৱে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি চেকেণ্ডত।

প্ৰশ্ন: 'সঠিকভাৱে'! পোহৰৰ বেগ ইমান সঠিকভাৱে কেনেকৈ ক'ব পৰা যায়?? অলপ, ০.০০০০০০০১ মান হ'লেওটো ভুল হ'ব পাৰে?

উত্তৰ দিয়া তথ্য: ১৯৮৩ত ইণ্টাৰ্ণেচনেল চিষ্টেম অৱ ইউনিটছে মিটাৰকহে সেই দূৰত্ব হিচাপে সংজ্ঞায়িত কৰিছিল যি দূৰত্ব পোহৰে এক চেকেণ্ডৰ ২৯,৯৭,৯২,৪৫৮ ভাগ সময়ত অতিক্ৰম কৰে! সেয়ে পোহৰৰ বেগ ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি চেকেণ্ড, অৰ্থাত্‌ যদি পোহৰ ১/২৯,৯৭,৯২,৪৫৮ চেকেণ্ডত ১ মিটাৰ যায়, ই ১ চেকেণ্ডত ১x২৯,৯৭,৯২,৪৫৮ মিটাৰেই অতিক্ৰম কৰিব, 'সঠিকভাৱে'!!

<<প্ৰথম পৃষ্ঠা ------- সময় আপেক্ষিক>>