Wb/as/তবলাৰ তাললিপি/প্ৰশ্নোত্তৰ
তবলাৰ চমু পৰিচয় - বিষ্ণু দিগম্বৰ আৰু ভাতখাণ্ডে পদ্ধতি - মাত্ৰা বিভাগ - সম্, তালি, খালি - সমপদী তালৰ উদাহৰণ - বিষমপদী তালৰ উদাহৰণ - প্ৰশ্নোত্তৰ |
১/ সমৰ চিন কি?
২/ তালিৰ চিন কি?
৩/ ধা ধী না| ধা তু না, এই তাল সমপদী নে বিষমপদী?
৪/ সম্ কি? সকলো তাল সমেৰে আৰম্ভ হয়নে? যদি নহয়, কি তাল সমেৰে আৰম্ভ নহয়?
৫/ তাল গাওতে হাতেৰে খালি কেনেকৈ দেখুৱা হয়?
৬/ প্ৰাচীন কালত কেনে ধৰণৰ সংগীত ভাৰতত প্ৰচলিত আছিল?
৭/ যদি "টুকড়া হ'ল তালৰ সম্, তালি, খালি, বিভাগৰ স্থান সলনি নকৰাকৈ, মাত্ৰাৰ সংখ্যা একে ৰাখি ৰচিত, তিহাইযুক্ত এক ৰচনা", তেনেহ'লে তিনতালৰ এই টুকড়াটোত সম্, তালি, খালি, বিভাগৰ চিন দিয়ক--
তেৎ তা তেতে তা কৎ তেৰেকেতে তাকতাক তেৰেকেতে ধা তেৰেকেতে তাকতাক তেৰেকেতে ধা তেৰেকেতে তাকতাক তেৰেকেতে | ধা
৮/ মাত্ৰা আৰু বিভাগৰ এটি পাৰ্থক্য লিখা।
উত্তৰ
edit১/ x
২/ ২,৩ ....
৩/ সমপদী, কাৰণ প্ৰতিটো বিভাগত সমান মাত্ৰা আছে
৪/ তবলাত যি স্থানত তাল আৰম্ভ হয় বা আন স্থানতকৈ অধিক জোৰ প্ৰয়োগ হয়, সেই স্থানক সম্ বোলে। নহয়।
৫/ হাত দাঙি দেখুৱা হয়।
৬/ গহীন আৰু গম্ভীৰ ধৰণৰ, ধ্ৰুপদ সংগীত।
৭/
তেৎ তা তেতে তা । |
x |
কৎ তেৰেকেতে তাকতাক তেৰেকেতে । |
২ |
ধা তেৰেকেতে তাকতাক তেৰেকেতে । |
০ |
ধা তেৰেকেতে তাকতাক তেৰেকেতে । |
৩ |
(ধা) |
x |
৮/ মাত্ৰা সমান সমান কিন্তু বিভাগ সৰু-বৰ।