Wb/as/তবলাৰ তাললিপি/বিষ্ণু দিগম্বৰ আৰু ভাতখাণ্ডে পদ্ধতি

Wb > as > তবলাৰ তাললিপি > বিষ্ণু দিগম্বৰ আৰু ভাতখাণ্ডে পদ্ধতি

হিন্দুস্তানী সংগীতত দুটা তাললিপি পদ্ধতি দেখা যায়। এটা হ'ল ভাতখাণ্ডে তাললিপি পদ্ধতি আৰু আনটো বিষ্ণু দিগম্বৰ তাললিপি পদ্ধতি।

বিষ্ণু দিগম্বৰ তাললিপি পদ্ধতি edit

বিষ্ণু দিগম্বৰ তাললিপি পদ্ধতি প্ৰখ্যাত সংগীতজ্ঞ বিষ্ণু দিগম্বৰ পুলস্কৰে প্ৰৱৰ্তন কৰা। এই তাললিপি পদ্ধতিত তালৰ সম্, মাত্ৰাৰ সংখ্যা আদি লিখাৰ সু-ব্যৱস্থা আছে। এই তাললিপি পদ্ধতিত কোনো এটি বোলে কিমান সময় ল'ব, সেই কথা জনা সহজ। পশ্চিমীয়া সংগীতৰ তাললিপিৰ দৰে মাত্ৰা, মাত্ৰাৰ অৰ্ধাংশ, মাত্ৰাৰ চতুৰ্থাংশ আদিৰ বাবে বেলেগ বেলেগ চিন থকাৰ বাবেই এনে হ'ল। পিছে বিষ্ণু দিগম্বৰ তাললিপি পদ্ধতিত তালিৰ সংখ্যা জনাটো কঠিন, কাৰণ তালিৰ সংখ্যাৰ সলনি মাত্ৰাৰ সংখ্যা গণিহে লিখি থোৱা হয়। এই গ্ৰন্থত বিষ্ণু দিগম্বৰ তাললিপি পদ্ধতিৰ বিষয়ে অধিক আলোচনা কৰা নহয়।

ভাতখাণ্ডে তাললিপি পদ্ধতি edit

ভাতখাণ্ডে তাললিপি পদ্ধতি প্ৰখ্যাত সংগীতজ্ঞ বিষ্ণু নাৰায়ণ ভাতখাণ্ডেই প্ৰৱৰ্তন কৰা। এই পদ্ধতিত তালৰ বিভিন্ন স্থান যেনে সম্, তালি, খালি, তালক বিভিন্ন সৰু বৰ ভাগত বিভক্ত কৰিবলৈ আৰু একে মাত্ৰাত কেইবাটাও বোল লিখাৰ ব্যৱস্থা আছে। এই গ্ৰন্থখন ভাতখাণ্ডে তাললিপি পদ্ধতিৰ ওপৰত আধাৰিত। এই গ্ৰন্থত দিয়া তালি, খালি, মাত্ৰা, বিভাগ, সম্ আদিৰ চিন ভাতখাণ্ডে পদ্ধতিতহে প্ৰযোজ্য।