দুখ্যেৰ উকি মাৰিয়া যাওয়া কির্ষকজন
দুখ্যেৰ উকি মাৰিয়া অ'য় যায়া থাকে
জীবনেৰ নামনিমুখা ৰেলত উঠিয়া
কংক্ৰিটেৰ আলিদিয়া মৃত্যু ষ্টেচনেৰ পাকে
বানায় নেয় যুদি নেউক
আশাগুলা ওটেয়া
খৰাঙত জ্বলে যুদি জ্বলুক
নুন্যতম প্রয়োজনীয়তা
কালা মধ্যভোগীয়ে শুষিয়া নেয় যুদি নেউক
ঘাঁম আৰ্ ৰক্ত
(যিহেতু কায়ো কাৰো জৈন্যে ৰাওকাঢ়াৰ সমায় নাই)
তথাপিও অ'য় শীৰ্ণ
দুইহাতদিয়া ৰুয়া যায়
হাউশেৰ বিছন
অ'য় ৰুয়াযোওয়া বিছনগুলান বতাসহোয়া গজে
বতাহগুলান ফলহোয়া পাকিয়া হয়
বাছিয়া থাকাৰ সোণালী উকাশ
অ'য় স্থিতপ্রজ্ঞ
হাজাৰ তুফানত হালিয়া নাপৰা একটা বৃক্ষ
হাউশ শেষ হোয়া যোওয়া বসন্তত
অ'ৰ দেহাৰ পেশীগুলাৰ ফাঁকেদিয়া বিৰিয়া আইসে জীৱনৰস
তুলিয়া আনে অ'য়
চিৰভোকাতুৰ শেতেলীৰ থাকিয়া
দুখ্যেৰ উকি মাৰিয়া যাওয়া
কির্ষকজন যায়া থাকে
জীবনেৰ নামনিমুখা ৰেলগাড়ীত উঠিয়া
কংক্ৰিটেৰ আলিদিয়া
মৃত্যু ষ্টেশ্বনেৰ পাকে
আৰ্ আমা নাজানা কৰিয়ায় অ'য়
বিলিয়া যায়া থাকে
বাছিয়া থাকাৰ প্রয়োজনীয়তা ।
• মূল: কিশোৰ বড়ো
• ৰাওবদল: কন্দর্পজিৎ কল্লোল