অসমত দীৰ্ঘদিন ধৰি সুকীয়া সময় য'ন বিচাৰি থকাৰ সময়তে একে ধৰণৰ দাবী উত্থাপন কৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়ে। ৰাজ্যখনৰ মুখ্য সচীব ৱাৰ্জাৰীয়ে কয় যে যেতিয়া ভাৰতীয় মান সময়ৰ মতে ১০:৩০ বাজে, ৰাক্যখনত দুপৰীয়া পাৰ হৈ যায়। এনেদৰে দুপৰীয়া কাম আৰম্ভ কৰিলে ৰাজ্যখনৰ উন্নতি কেনেকৈ হ'ব বুলি তেওঁ প্ৰশ্ন কৰে।