Wb/as/হিন্দু-আৰবী সংখ্যা প্ৰণালী (ৱিকিঅনুজ)/ৰজাৰ দুই পুত্ৰ

এজন ৰজাৰ দুই পুত্ৰ আছিল। এজনৰ নাম ৰংমন আৰু আনজনৰ নাম খংমন। দুয়ো আছিল তীক্ষ্ণ মগজুৰ।

ৰংমন অজলা, খংমন টেঙৰ।

দুয়ো একেলগে বিদ্যালয়লৈ যায়। পিচে ভায়েক ৰংমনতকৈ অধিক শিক্ষিত, গুণী হোৱাৰ উদ্দেশ্যে টেঙৰ খংমনে ৰংমনক সদায় কোনো উপায়েৰে ক্লাছত সম্পূৰ্কৈ পঢ়িব নিদিয়ে।

তেওঁলোকৰ দেশত হিন্দু আৰবী সংখ্যা প্ৰণালীৰ বিষয়ে কোনেও নাজানিছিল। সকলো সংখ্যাৰ বাবে বেলেগ বেলেগ চিন আছিল, ০,১,২,৩,৪,৫,৬,৭,৮,৯ৰ পাছত ১০,১১ আদি নহয় , a,b,c,d,e........... আদি চিন লিখিছিল আৰু তেনেদৰে প্ৰত্যেক সংখ্যাৰ বাবে বেলেগ বেলেগ চিন আছিল।

এবাৰ মাষ্টৰে দুয়ো ৰাজকুমাৰৰ পৰীক্ষা ল'লে। দুয়োকে ৭৫ডাল মাৰি দিলে। ক'লে, গণতি কৰি কেইডাল মাৰি লিখা। পিচে খংমনৰ উৎপাতত ৰংমনে কেৱল ০,১,২,৩,৪,৫,৬,৭,৮,৯ এই দহটা চিনহে শিকিব পাৰিলে। ৭৫ৰ বাবে কি চিন লিখিব লাগে সি নাজানে! খংমনে লগে লগে লিখি পেলালে যে ẝডাল মাৰি আছে। পিচে অজলা ৰংমনে কৰে কি?

সি এক উপায় ভাবিলে। সি ভাবিলে, ০ মানে একো নাই, ১ মানে এটা,........... ৯ মানে নটা। তাৰ পিছত মোৰ ওচৰত আৰু চিন নাই। দহ লিখাৰ চিন মই নাজানো। কিন্তু লিখিব লাগিব!। সি এখন তালিকা বনালে। সি ধৰি ল'লে যে দহডাল মাৰি লগ লাগি যদি এজোপা 'গছ' বনাব পাৰি, তেন্তে সি কেইজোপা গছৰ মাৰি আছে আৰু বাকী কেইডাল মাৰি আছে, সেই কথা লিখিব পাৰিব।

৭৫ডাল মাৰি--

।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।

এই ৭৫ডাল মাৰিক এনেদৰেও ৰাখিব পাৰি যে এক শাৰীত দহডাল মাৰি থাকক।

||||||||||

||||||||||

||||||||||

||||||||||

||||||||||

||||||||||

||||||||||

থাকি গ'ল ৫ ডাল মাৰি। অৰ্থাৎ তাৰ ওচৰত আছিল ৭জোপা গছ আৰু ৫ডাল মাৰি। সি এখন তালিকা প্ৰস্তুত কৰিলে।

গছ মাৰি

সি ভাবিলে, যে তালিকাৰ আঁচ কেইডাল মোহাৰি পেলালেও, একেবাৰে সোঁফালৰ সংখ্যা যদি 'মাৰিৰ সংখ্যা' আৰু তাৰ ঠিক বাওঁফালৰ সংখ্যাক যদি 'গছৰ সংখ্যা' বুলি ধৰি লোৱা হয়, তেন্তে মুঠ মাৰিৰ সংখ্যাক বা ৭জোপা গছ আৰু ৫ডাল মাৰিক ৭৫ বুলি লিখিব পৰা যায়! অৰ্থাৎ কেৱল ০,১,২,৩,৪,৫,৬,৭,৮,৯ ব্যৱহাৰ কৰিয়েই ডাঙৰ ডাঙৰ সংখ্যাও লিখিব পৰা যায়!

ৰংমনে মাষ্টৰক সকলো বিৱৰি ক'লে। মাষ্টৰ ৰংমনৰ বুদ্ধি দেখি প্ৰভাৱিত হ'ল আৰু ৰংমনক সম্পূৰ্ণ নম্বৰ দিলে।

ৰংমনে যি কৰিলে, প্ৰায় তেনেদৰেই সৃষ্ট হিন্দু-আৰবী সংখ্যা প্ৰণালী। মাথো গছ আৰু মাৰিৰ ঠাইত এক, দহ আদি ব্যৱহাৰ কৰা হয়। তেনে কৰি কেৱল মাৰিয়েই নহয়, আম, কমলা, কল, মানুহ আদিৰ সংখ্যাও লিখিব পৰা যায়, ডাঙৰ ডাঙৰ সংখ্যাকো কেৱল দহটা চিন ব্যৱহাৰ কৰি লিখিব পৰা যায়।

পৰৱৰ্তী পাঠ>>