Wb/as/সাম্যবাদ (ৱিকিঅনুজ)/পৰিচয়

সূচী

সাম্যবাদ-- পৰিচয়-- প্ৰাৰম্ভিক সাম্যবাদ-- আধুনিক সাম্যবাদ-- শীতল যুদ্ধ-- ছ'ভিয়েট ৰাছিয়াৰ পাছত-- মাৰ্ক্সবাদ-- লেনিনবাদ-- মাৰ্ক্সবাদ-লেনিনবাদ, ষ্টেলিনবাদ আৰু ট্ৰটস্কিবাদ-- মুক্তবাদী মাৰ্ক্সবাদ-- পৰিষদীয় সাম্যবাদ-- বাওঁ সাম্যবাদ-- খ্ৰীষ্ট ধৰ্মীয় সাম্যবাদ-- নৈৰাজ্যবাদী সাম্যবাদ-- সমালোচনা
মুক্তি প্ৰয়োজনীয়তাৰ স্বীকৃতি
Freedom is the recognition of necessity
--ফ্ৰাইড্ৰিখ এংগেল্স


চীনত কাৰ্ল মাৰ্ক্স আৰু ফ্ৰাইড্ৰিখ এংগেল্সৰ মূৰ্ত্তি
পৰিচয়
ৰাজনৈতিক আৰু সমাজ বিজ্ঞানত সাম্যবাদ এক ভাৱধাৰা, যাৰ উদ্দেশ্য এক সাম্যবাদী সমাজ স্থাপন কৰা। এই সমাজত, উৎপাদনৰ সকলো সামগ্ৰী, ৰাইজৰ অধীনত। এই সমাজত, বনুৱাক শোষণ কৰা নহয়।

সাম্যবাদী সমাজ

মাৰ্ক্সবাদী চিন্তাধাৰাত, সাম্যবাদী সমাজ স্থাপন হ'ব প্ৰযুক্তিৰ বিকাশেৰে। এই সমাজ বিকাশৰ এনে এক স্তৰ হ'ব, য'ত ভৌতিক সম্পদৰ উভৈনদী হ'ব। মানুহে কন কাম কৰিবলগীয়া হ'ব। তাৰ বিপৰীতে, মানুহে সৃষ্টিশীল কৰ্মত মনোনিবেশ কৰিব পাৰিব। পুঁজিবাদী ব্যৱস্থাত, প্ৰযুক্তিৰ দ্ৰুত বিকাশে depression, নিবনুৱা সমস্যাৰ সৃষ্টি কৰে। কিন্তু এই সমাজত, যিহেতু সম্পদৰ উভৈনদী হ'ব, আৰু এই সম্পদৰ ওপৰত কাৰো ব্যক্তিগত অধিকাৰ নাথাকিব, সেয়ে সকলোৱে এই সম্পদ আহৰণ কৰিব পাৰিব, আৰু অত্যধিক উৎপাদনে কোনো depression সৃষ্টি নকৰে। উপাৰ্জন নকৰা সমস্যা নহয়, আৰাম যেন হে হ'ব-- কাৰণ সম্পদ জোখতকৈ অধিক আছে, আৰু সকলোৱে মুক্তভাৱে আহৰণ কৰিব পাৰে। বৰ্তমানলৈ কোনো সমাজেই সাম্যবাদী সমাজ হ'ব পৰা নাই। মাৰ্ক্সৰ মতে, সমাজবাদৰ জড়িয়তে, বা সমাজবাদক মধ্যস্থকাৰী হিচাপে লৈ এই সাম্যবাদী সমাজ গঢ়িব পৰা যাব।

সাম্যবাদী ৰাজ্য

মাৰ্ক্সবাদী-লেনিনবাদী ভাবধাৰাৰ কোনো এক ৰূপক আদৰ্শগত পথ প্ৰদৰ্শক মানি শাসন কৰা দলৰ তলত থকা ৰাজ্যই সাম্যবাদী ৰাজ্য।