Wb/as/তবলাৰ তাললিপি/সমপদী তালৰ উদাহৰণ

সূচী
এই গ্ৰন্থত ৭টা পাঠ আছে,
তবলাৰ চমু পৰিচয় - বিষ্ণু দিগম্বৰ আৰু ভাতখাণ্ডে পদ্ধতি - মাত্ৰা বিভাগ - সম্, তালি, খালি - সমপদী তালৰ উদাহৰণ - বিষমপদী তালৰ উদাহৰণ - প্ৰশ্নোত্তৰ

পশ্চিমীয়া সংগীতত সমান সমান দূৰত্বত বাৰ বা bar দিয়া হয়, পিছে হিন্দুস্তানী সংগীতৰ অন্তৰ্গত তবলাৰ তালসমূহত যে বিভাগ সমান সমান দূৰত্বত থাকিব লাগিব, তাৰ কোনো বাধ্যবাধকতা নাই। কিন্তু এনেও নহয়, যে সকলো তালতেই বিভাগ অসমান, যি তালত সকলো বিভাগ সমান সমান, তেনে তালক সমপদী তাল বোলা হয়। তবলাত বিভিন্ন সমপদী তালৰ প্ৰচলন আছে।

তিনতাল edit

ষোল্ল মাত্ৰা থকা তিনতালত চাৰিটা বিভাগ আছে আৰু এই তালৰ সকলো বিভাগ সমান। প্ৰতি চাৰি মাত্ৰাৰ পিছে পিছে বিভাগৰ চিন প্ৰয়োগ কৰা হয়। প্ৰথম বিভাগৰ আৰম্ভণিতে সম্, দ্বিতীয় বিভাগৰ আৰম্ভণিত তালি, তৃতীয় বিচাগৰ আৰম্ভণিত খালি আৰু চতুৰ্থ বিভাগৰ আৰম্ভণিত তালি।

ধা ধিন ধিন ধা ।
x
ধা ধিন ধিন ধা ।
ধা তিন তিন তা ।
তা ধিন ধিন ধা

কাহাৰবা তাল edit

কাহাৰবা তাল আঁঠ মাত্ৰাৰ। এই তালত দুটা বিভাগ আছে। প্ৰতিটো বিভাগত চাৰি মাত্ৰাকৈ আছে। অৰ্থাৎ দুয়োটা বিভাগ সমান। কাহাৰবা তালৰ প্ৰথম বিভাগৰ আৰম্ভণিত সম্ আছে আৰু দ্বিতীয় বিভাগৰ আৰম্ভণিত খালি।

ধা গে না তি । না ধী না
x

একতাল edit

একতাল বাৰ মাত্ৰাৰ। এই তালত ছটা বিভাগ আছে। আটাইকেইটা বিভাগ সমান-- প্ৰতিটো বিভাগত দুই মাত্ৰাকৈ আছে। একতালৰ প্ৰথম বিভাগৰ প্ৰথম মাত্ৰাত সম্, দ্বিতীয় বিভাগৰ প্ৰথম মাত্ৰাত খালি, তৃতীয় বিভাগৰ প্ৰথম মাত্ৰাত তালি, চতুৰ্থ বিভাগৰ প্ৰথম মাত্ৰাত খালি, পঞ্চম বিভাগৰ প্ৰথম বিভাগত তালি আৰু ষষ্ঠ বিভাগৰ প্ৰথম মাত্ৰাত তালি আছে।

ধিন ধিন । ধাগে তেৰেকেতে তু না । কৎ তা । ধাগে তেৰেকেতে ধিন না ।
x