Wb/as/ভাৰতৰ ভাষাসমূহ (ৱিকিঅনুজ)/গুজৰাটী

গুজৰাটী
ગુજરાતી

গুজৰাটী ভাষাত এটি কবিতা
গুজৰাটী ভাষা ভাৰতৰ এক ভাৰতীয়-আৰ্য পৰিয়ালৰ ভাষা। এই ভাষা কোৱা লোক গুজৰাটী আৰু সাধাৰণতে গুজৰাটত থাকে। ২০১১ চনত ১২১ কোটি গুজৰাটী ভাষী মানুহ আছিল। এই ভাষা গুজৰাট, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউৰ আনুষ্ঠানিক কাম-কাজৰ বাবে ব্যৱহৃত ভাষা।
এই ভাষাৰ বুৰঞ্জী
গুজৰাটী ভাষা সংস্কৃত ভাষাৰ পৰা জন্মা। ১১০০-১৫০০ খ্ৰীষ্টাব্দলৈ পুৰণি গুজৰাটী কোৱা হৈছিল, যি ভাষা গুজৰাটী আৰু ৰাজস্থানী ভাষাৰ উৎস। ১৫০০ খ্ৰীষ্টাব্দৰপৰা গুজৰাটী আৰু ৰাজস্থানী পৃথক হ'ল। গুজৰাটী ভাষাত ই আৰু উৰ সলনি কোনো কোনো স্থানত আ (ə) ব্যৱহাৰ হ'বলৈ ধৰিল। আই, আউ, ক্ৰমে এ আৰু অ হ'ল। ১৮০০ খ্ৰীষ্টাব্দৰ পাছত অধিক পৰিবৰ্তন দেখা গ'ল আৰু আধুনিক গুজৰাটী ভাষা গঢ় লৈ উঠিল। শব্দৰ শেষত 'আ' ব্যৱহাৰ নোহোৱা হ'ল। বহুবচনৰ বাবে অ' ব্যৱহাৰ হ'বলৈ ল'লে। নতুন নতুন প্ৰকাশন যেনে মুম্বাই চামাচাৰ, নিত্যন'ন্ধ আদি প্ৰকাশ পালে।
লিপি
গুজৰাটী ভাষা গুজৰাটী লিপিত লিখা হয়। অসমীয়াৰ দৰে, গুজৰাটী লিপিও ব্যঞ্জনবৰ্ণ, স্বৰবৰ্ণ আৰু স্বৰচিহ্ন ব্যৱহাৰ কৰি লিখা হয়। গুজৰাটী লিপিত અ, ઐ, ઑ, શ, ષ, સ আদি আখৰ ব্যৱহাৰ হয়।