এই পৃষ্ঠাই এই ৱিকিত অৰ্থাৎ অসমীয়া ৱিকিগ্ৰন্থত বিদেশী শব্দ অসমীয়া লিপিত লিখাৰ নিয়ম বৰ্ণাই-- এই ৱিকিৰ বাহিৰত সেই নিয়ম প্ৰযোজ্য নহ'ব পাৰে। কোনো বিদেশী শব্দ অসমীয়াত লিখিবলৈ সেই শব্দৰ উচ্চাৰণ জনা অনিবাৰ্য। যিহেতু কিছু ভাষাত একে বানানে কেইবাটাও উচ্চাৰণ সূচাব পাৰে।
নীয়ম সমূহ বুজিবলৈ International Phonetic Alphabet বা IPA (আই. পি. এ)ৰ জ্ঞান থকা অনিবাৰ্য। IPAৰ সম্পৰ্কীয় তথ্যৰ বাবে এই গ্ৰন্থখন এবাৰ পঢ়ি চাওক-- আই. পি. এ. সহায়।
অসমীয়া আখৰসমূহৰ উচ্চাৰণEdit
আখৰ | IPAত | ব্যৱহাৰৰ উদাহৰণ |
---|---|---|
অ | ɔ | অসম |
আ | a | আম |
ই | i | ইয়াত |
ঈ | i | ঈশ্বৰ |
উ | u | উত্তৰ |
ঊ | u | ঊষা |
ঋ | ri | ঋষি |
এ | ɛ | এক |
ঐ | oi | ঐক্য |
ও | ʊ | ওৰাং |
ঔ | ou | ঔষধ |
অ' | o | অ'ত-ত'ত |
এ' | e | এৰী-পলু |
আখৰ | IPAত | ব্যৱহাৰৰ উদাহৰণ |
---|---|---|
ক | k | কমলা |
খ | kʱ | খৰম |
গ | g | গৰু |
ঘ | gʱ | ঘাঁহ |
ঙ | ŋ | নাঙল |
চ | s | চৰাই |
ছ | s | ছাগলী |
জ | z | জন্ম |
ঝ | jʱ | ঝাৰু |
ঞ | j | জিঞা |
ট | t | টকা |
ঠ | tʱ | ঠগা |
ড | d | ডবা |
ঢ | dʱ | ঢোল |
ণ | n | কাণ |
ত | t | তাল |
থ | tʱ | থাল |
দ | d | দলং |
ধ | dʱ | ধন |
ন | n | নাম |