Wb/as/পৰমাণু (ৱিকিঅনুজ)/পৰমাণু কি
ভৌতিক বস্তুবোৰ বাৰু কিহেৰে গঠিত ? তেনে বস্তু বাৰু আন সৰু সৰু বস্তুৰে গঠিত নেকি ??
হয় ! আমাৰ চাৰিওফালৰ বতাহ, পানী, খোৱা বস্তু, মা, দেউতা, বন্ধু, চৰাই, জন্তু, ঘড়ী, টিভি আনকি তুমিও আন সৰু সৰু বস্তুৰে গঠিত !!!!
সেই সৰু সৰু বস্তুবোৰ বাৰু কি ?
পঞ্চতত্ত্ব
editনামটো দেখি ভয় কৰিব নালাগে ! পঞ্চতত্ত্ব (পন্-চ-তত্-ৱ) কেৱল আকাশ, বতাহ, জুই, পৃথিৱী আৰু পানী। আগৰ ভাৰতৰ আৰু গ্ৰীচ দেশৰ গৱেষকসকলে সকলো বস্তু এই পাঁচ তত্বৰেই গঠিত বুলি ভাবিছিলে। প্লেট' নামৰ পণ্ডিত এজনৰ মতে প্ৰতিটো তত্ত্বৰ বেলে জ্যামিতিক আকৃতি আছে বুলি কৈছিলে।
তত্ত্ব | আকৃতি | মুখৰ সংখ্যা | ত্ৰিভোজৰ সংখ্যা | |
---|---|---|---|---|
জুই | Tetrahedron |
![]() |
4 | 24 |
বতাহ | Octahedron |
![]() |
8 | 48 |
পানী | Icosahedron |
![]() |
20 | 120 |
পৃথিৱী | Cube |
![]() |
6 | 24 |
প্লেট' নামৰ পণ্ডিতজনে পঞ্চতত্ত্বৰ আকাৰ এনে বুলি কৈছিল |
পিচে সকলো বস্তু যে এই পাঁচ তত্ত্বৰে গঠিত, তাৰ কোনো প্ৰমাণ পোৱা নাযায়।
তেনে হ'লে বস্তু কিহেৰে গঠিত?-- পৰমাণু
edit২০০০ বছৰৰো আগত ভাৰতৰ মহাঋষি কনড চিন্তা কৰি উলিয়াইছিল যে পদাৰ্থক যদি বাৰে বাৰে ভাগ কৰি গৈ থকা হয়, তেন্তে এটি সময় আহিব, যেতিয়া পদাৰ্থক আৰু ভাগ কৰিব পৰা নাযাব। তেওঁ সেই আটাইতকৈ সৰু ভাগটোৰ নাম দিলে 'পৰমাণু' । আন এজন ভাৰতীয় দাৰ্শনিক, কত্যয়মে কনডৰ কথা বুজাই কৈছিল যে সাধাৰণতে এই ভাগবোৰে এটাই আনটোৰ লগত জোড়া খায় থাকে, যাৰ বাবে বিভিন্ন বস্তুৰ সৃষ্টি হয়। প্ৰায় সেই সময়তে, গ্ৰীচ দেশত ডেমক্ৰিটাছৰ দৰে দাৰ্শনিকেও একে কথাই ভাবিছিল। গ্ৰীকসকলে সেই ভাগৰ নাম থলে 'এটম' । পিচে কোনোৱেই প্ৰমাণিত কৰিব পৰা নাছিল সেই কথা। সকলোৱে সেই কথা মানি লোৱা নাছিল। এৰিষ্টটল নামৰ গ্ৰীক দাৰ্শনিকজনে এটম বা পৰমাণুৰ দৰে কোনো বস্তু নাই বুলি কৈছিল ! তেওঁ বিশ্বস কৰিছিল যে বস্তু অখণ্ডিত।
পিচে ১৯ শতিকাৰ আগ ভাগত জন ডেল্টন নামৰ এজন বিজ্ঞানীয়ে কিছুমান বৈজ্ঞানিক পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি এটমিক ঠিয়'ৰিক প্ৰতিষ্ঠা কৰিলে।