Wb/as/তবলাৰ তিনতাল/তিনতালৰ ঠেকা

Wb > as > তবলাৰ তিনতাল > তিনতালৰ ঠেকা

তবলা, পাখোৱাজ আদি তাল বাদ্যৰ স্বতন্ত্ৰ বাদনত যি মুখ্য, ছন্দোবদ্ধ, নিৰ্দিষ্ট বোলৰ সমষ্টি পৰিবেশন কৰা হয়, তাকেই ঠেকা বোলে। ঠেকা তালটো নিজেই বুলিও ক'ব পাৰি!

তিনতালৰ ঠেকা edit

তলত তিনতালৰ ঠেকা দিয়া হ'ল (এগুণত)--

ধা ধিন ধিন ধা ।
x
ধা ধিন ধিন ধা ।
ধা তিন তিন তা ।
তা ধিন ধিন ধা ।

তিনতালৰ ঠেকাৰ বিষয়ে edit

মন কৰিলে দেখা যাব, তিনতালৰ ঠেকা ষোল্ল মাত্ৰাৰ।

এই তালৰ ঠেকা, ৪টা বিভাগত বিভক্ত। প্ৰতিটো বিভাগত ৪ মাত্ৰাকৈ আছে।

তিনতাল সমপদী তাল, অৰ্থাৎ, তিনতালৰ প্ৰতিটো বিভাগৰ মাত্ৰাৰ সংখ্যা সমান।

তিনতালৰ ঠেকাৰ প্ৰতিটো মাত্ৰাত কেৱল ১টাকৈ বোল আছে।