Wb/as/এছিয়া (ৱিকিঅনুজ)/ভাৰত
জনসংখ্যাৰ দিশৰ পৰা ভাৰত এখন বৃহৎ দেশ। মাটিকালিৰ দিশৰ পৰা ভাৰত পৃথিবীৰ সপ্তম বৃহৎ দেশ।
ভাৰত দক্ষিণ এছিয়াত আছে। শ্ৰী লংকাৰ উত্তৰ দিশে আৰু পাকিস্তানৰ পূব দিশে। দক্ষিণ এছিয়াত ভাৰতৰ লগতে Wb/as/এছিয়া (ৱিকিঅনুজ)/পাকিস্তান, Wb/as/এছিয়া (ৱিকিঅনুজ)/নেপাল, Wb/as/এছিয়া (ৱিকিঅনুজ)/ভূতান, Wb/as/এছিয়া (ৱিকিঅনুজ)/বাংলাদেশ আৰু Wb/as/এছিয়া (ৱিকিঅনুজ)/শ্ৰী লংকাৰ দৰে দেশো আছে।
ভাৰত পৃথিবীৰ দ্বিতীয় আটাইতকৈ জনবাহুল দেশ। ভাৰতত প্ৰায় ১২৫ কোটি লোক থাকে। ই পৃথিবীৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৬.৭%। অৰ্থাৎ পৃথিবীৰ প্ৰতি ৬জন মানুহৰ এজন ভাৰতীয়! ভাৰতৰ জনসংখ্যা পৃথিবৰর আটাইতকৈ ডাঙৰ দেশ Wb/as/এছিয়া (ৱিকিঅনুজ)/ৰুছতকৈ ১০ গুণ !!
ভাৰতত ভাষাৰ সংখ্যা অতি অধিক-- ভাৰতত ১৫৩৬তকৈও অধিক ভাষা কোৱা হয়!! ভাৰতত ৪০ কোটি মানুহে কোৱা হিন্দী ভাষাৰ পৰা আৰম্ভ কৰি কেৱল ৪জন লোকে কোৱা মাঝি উপ-ভাষালৈকে পোৱা যায়। ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ভাষা হ'ল হিন্দী, পিচে ভাৰতৰ কোনো 'ৰাষ্ট্ৰ ভাষা' নাই।
ভাৰতত ইমান ভাষা কোৱা মানুহ থকাৰ কাৰণ হ'ল বিচিত্ৰতা আৰু সেই বিচিত্ৰতা ৰক্ষা কৰিবলৈকে ভাৰতত সকলো লোকে নিজৰ নিজৰ ভাষা সংৰক্ষণ কৰাৰ অধিকাৰ আছে। কোনো প্ৰতিষ্ঠানত ভাষাক লৈ ভেদভাৱ প্ৰকাশ কৰিব পৰা নাযাব।
পিচে ভাৰতীয় সংবিধানে ২২টা ভাষাক স্বীকৃতি দিছে, অসমীয়া, বঙলা, বড়ো, ডগ্ৰী, গুজৰাটী, হিন্দী, কন্নড়, কাশ্মিৰী, কংকানি, মালায়ালাম, মণিপুৰী, মাৰাঠি, নেপালী, ওড়িয়া, পাঞ্জাবী, সংস্কৃত, সন্থালী, সিন্ধি, তামিল, তেলুগু, উৰ্দু।
ভাৰতত ধৰ্মৰ বিচিত্ৰতাও দেখা যায়। আটাইতকৈ জনপ্ৰিয় ধৰ্ম হ'ল হিন্দুত্ব-- যাক ৭৫% ভাৰতীয়ই গ্ৰহণ কৰিছে। ইছলাম আৰু খ্ৰীষ্টান ধৰ্ম প্ৰতিটোকে প্ৰায় ১১% ভাৰতীয়ই গ্ৰহণ কৰিছে। ভাৰতত পাৰ্চী, শিখ আদি সৰু সৰু ধৰ্মাৱলম্বী লোকো পোৱা যায়।
ভাষাৰ দৰেই কোনো ধৰ্মক ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্মৰ ৰূপত গ্ৰহণ কৰা হোৱা নাই। অৰ্থাৎ ভাৰতে ধৰ্মক ভিত্তি কৰি প্ৰভেদ নকৰে। সকলো ভাৰতীয়ই নিজ উচ্ছাৰে যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে, বা কোনো ধৰ্ম গ্ৰহণ নকৰিবও পাৰে। এই ক্ষেত্ৰত কাৰো ওপৰত হেঁচা প্ৰয়োগ কৰিব নোৱাৰি। পিচে যদিও সকলো ভাৰতীয়ই নিজা ধৰ্মীয় বিশ্বাস ৰাখিব পাৰে, ধৰ্মৰ নামত মানুহ হত্যা কৰা আদি কৰিব নোৱাৰি।
ভাৰতৰ আটাইতকৈ জনপ্ৰিয় খেল ক্ৰিকেট। ভাৰতীয় ক্ৰিকেট দল বিশ্বৰ আটাইতকৈ পাৰ্গত দলসমূহৰ মাজত এটা। ভাৰতত আন আন খেল যেনে কাবাদীও জনপ্ৰিয়। অধিক জনপ্ৰিয় নহ'লেও ভাৰতে বিশ্বৰ উৎকৃষ্ট মানৰ বেডমিণ্টন খেলুৱৈ যেনে ছাইনা নেহৱাল সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
২০ শতিকাত
অসম,গোৱা।