Wb/as/অসমীয়া ৱিকিপিডিয়াত লিখাৰ প্ৰাৰম্ভিক ৰীতি-নীতি/অসমীয়া ৱিকিপিডিয়া কি

বিশ্বকোষ কি edit

বিশ্বকোষ হ'ল বিভিন্ন বিষয়ৰ লেখা সন্নিৱিষ্ট প্ৰসঙ্গ পুথি । বিশ্বকোষ জ্ঞানবৰ্ধক । বিশ্বৰ বিভিন্ন বিষয়ৰ ওপৰত বিশ্বকোষত প্ৰবন্ধ থাকে । বিশ্বকোষত মনোৰঞ্জনমূলক, বা কাল্পনিক লেখ নাথাকে । উদাহৰণ স্বৰূপে, বিশ্বকোষত এলিয়েনৰপৰা পৃথিবী ৰক্ষা কৰা, জাদুৰ শক্তি থকা নায়কৰ কাল্পনিক কাহিনী লিখিব নোৱাৰি । পিচে ঠিক তেনে ধৰণৰ কাহিনী থকাই পাৱাৰ ৰেঞ্জাৰ্ছৰ বিষয়ে লিখিব পাৰি । বিশ্বকোষত পোৱা যাব -- পাৱাৰ ৰেঞ্জাৰ্ছৰ লেখক কোন, ই কেতিয়া প্ৰকাশিত হৈছিল আদি তথ্য ।

ৱিকি কি edit

ৱিকি শব্দৰ উৎস হাৱায়ান শব্দ 'ৱিকি', যাৰ অৰ্থ 'সোণকালে' বা 'খৰ'। ৱিকি প্ৰযুক্তিৰ জড়িয়তে, এক ৱেবছাইট, বা এক ৱেবপেজ আদিক যিকোনো ব্যক্তিয়ে সম্পাদনা কৰিব পাৰে। ৱিকি প্ৰযুক্তি অনেক ৱেবছাইটে ব্যৱহাৰ কৰে । অসমীয়া ৱিকিগ্ৰন্থও ৱিকি প্ৰযুক্তিৰে নিৰ্মিত । ৱিকি প্ৰযুক্তিয়ে সকলোৰে সহযোগত, এক ৰাইজৰ প্ৰকাশন গঠন কৰাত সহায়ক হ'ব পাৰে।

ৱিকিপিডিয়া কি edit

ৱিকিপিডিয়া হৈছে ৱিকি প্ৰযুক্তিৰে নিৰ্মিত এক অনলাইন মুক্ত বিশ্বকোষ যাক সকলোৱে সম্পাদনা কৰিব পাৰে । ৱিকিপিডিয়া বিশ্বৰ আটাইতকৈ বৃহৎ বিশ্বকোষ । ই এক বহু ভাষিক প্ৰকল্প । বিশ্বৰ প্ৰায় ২০০ ভাষাত ৱিকিপিডিয়া উপলব্ধ । তাৰে ভিতৰত কেইবাটাও ভাৰতীয় ভাষাও আছে।

অসমীয়া ৱিকিপিডিয়া কি edit

ৱিকিপিডিয়া শ-শ ভাষাত উপলব্ধ। তাৰেই এটি ভাষা অসমীয়া ভাষা। অসমীয়া ভাষাত ৱিকিপিডিয়া ২০০১ চনত আৰম্ভ হ'ল। বৰ্তমান অসমীয়া ৱিকিপিডিয়াত ৪০০০তকৈ অধিক প্ৰবন্ধ আছে। এই সংযোগত টিপি অসমীয়া ৱিকিপিডিয়ালৈ যাব পাৰি-- as.wikipedia.org। অসমীয়া ৱিকিপিডিয়া সমাজে অসমীয়া ৱিকিপিডিয়া চলাই আছে। সকলো এই সমাজৰ সদস্য হ'ব পাৰে। আপুনি-ময়ো। ৱিকিপিডিয়াত যোগদান কৰি বৰঙণি আগবঢ়োৱা সকলো এই সমাজৰ সদস্য